ছূৰা 63 · জুজ 28

Al-Munafiqun · 63:10

وَأَنْفِقُوا مِنْ مَا رَزَقْنَاكُمْ مِنْ قَبْلِ أَنْ يَأْتِيَ أَحَدَكُمُ الْمَوْتُ فَيَقُولَ رَبِّ لَوْلَا أَخَّرْتَنِي إِلَىٰ أَجَلٍ قَرِيبٍ فَأَصَّدَّقَ وَأَكُنْ مِنَ الصَّالِحِينَ

আৰু মই তোমালোকক যি জীৱিকা দান কৰিছো তোমালোকৰ ওচৰত মৃত্যু অহাৰ আগতে তাৰ পৰা ব্যয় কৰা, (কাৰণ মৃত্যু অহাৰ পিছত সি ক’ব) হে মোৰ প্ৰতিপালক! ‘মোক আৰু কিছু সময়ৰ বাবে অৱকাশ দিলে মই ছাদক্বা কৰিলোহেঁতেন আৰু সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভুক্ত হ’লোহেঁতেন’!

তাফছীৰ

তোমালোকৰ মৃত্যুৰ পূৰ্বেই আল্লাহৰ পথত সেই সম্পদৰ পৰা ব্যয় কৰা যিবোৰ আল্লাহে তোমালোকক প্ৰদান কৰিছে, অন্যথা মৃত্যুৰ পিছত নিজ প্ৰতিপালকক অভিযোগ কৰি ক'বঃ হে মোৰ প্ৰতিপালক! মোক অলপ সময় অৱকাশ কিয় নিদিলা, মই তোমাৰ পথত মোৰ ধন ব্যয় কৰিলোহেঁতেন আৰু তোমাৰ সেইসকল বান্দাৰ অন্তৰ্ভুক্ত হলোহেঁতেন, যিসকলে সৎকৰ্ম কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক