ছূৰা 61 · জুজ 28

As-Saff · 61:7

وَمَنْ أَظْلَمُ مِمَّنِ افْتَرَىٰ عَلَى اللَّهِ الْكَذِبَ وَهُوَ يُدْعَىٰ إِلَى الْإِسْلَامِ ۚ وَاللَّهُ لَا يَهْدِي الْقَوْمَ الظَّالِمِينَ

সেই ব্যক্তিতকৈ অধিক যালিম আৰু কোন হ’ব পাৰে? যিয়ে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে, অথচ তাক ইছলামৰ প্ৰতি আহ্বান কৰা হয়; আৰু আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।

তাফছীৰ

আৰু সেই ব্যক্তিতকৈ ডাঙৰ অত্যাচাৰী আন কোনো হ'ব নোৱাৰে, যিয়ে আল্লাহৰ প্ৰতি মিছা ৰচনা কৰে, তথা তেওঁৰ লগত অংশীদাৰ স্থাপন কৰি তেওঁৰ বাহিৰে সেইবোৰৰ পূজা অৰ্চনা কৰে। অথচ তাক ইছলামৰ ফালে আহ্বান কৰা হৈছে, যিটো নিৰ্ভেজাল সঠিক তাওহীদৰ ধৰ্ম। আৰু আল্লাহে সেইসকল লোকক হিদায়ত আৰু সত্যৰ পথ নেদেখুৱায় যিসকলে শ্বিৰ্ক আৰু পাপ কৰ্মৰ মাধ্যমত নিজৰ ওপৰত অত্যাচাৰ কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক