ছূৰা 61 · জুজ 28

As-Saff · 61:6

وَإِذْ قَالَ عِيسَى ابْنُ مَرْيَمَ يَا بَنِي إِسْرَائِيلَ إِنِّي رَسُولُ اللَّهِ إِلَيْكُمْ مُصَدِّقًا لِمَا بَيْنَ يَدَيَّ مِنَ التَّوْرَاةِ وَمُبَشِّرًا بِرَسُولٍ يَأْتِي مِنْ بَعْدِي اسْمُهُ أَحْمَدُ ۖ فَلَمَّا جَاءَهُمْ بِالْبَيِّنَاتِ قَالُوا هَٰذَا سِحْرٌ مُبِينٌ

আৰু স্মৰণ কৰা, যেতিয়া মাৰয়ামৰ পুত্ৰ ঈছাই কৈছিল, হে বনী ইছৰাঈল! ‘নিশ্চয় মই তোমালোকৰ প্ৰতি প্ৰেৰিত আল্লাহৰ ৰাছুল আৰু মোৰ পূৰ্বৱৰ্তী তাওৰাতৰ সত্যায়নকাৰী আৰু এজন ৰাছুলৰ সুসংবাদদাতা, যিজন মোৰ পিছত আহিব, যাৰ নাম আহমদ’। তাৰ পিছত তেওঁ যেতিয়া সুস্পষ্ট নিদৰ্শনসমূহ লৈ আগমন কৰিলে, তেতিয়া সিহঁতে ক’লে, ‘এয়া স্পষ্ট যাদু’।

তাফছীৰ

হে ৰাছুল! সেই সময়ক স্মৰণ কৰক, যেতিয়া ঈছা ইবনে মাৰইয়াম আলাইহিছ ছালামে কৈছিল, হে বনী ইছৰাঈল! নিশ্চয় মই আল্লাহৰ ৰাছুল, মোৰ পূৰ্বে অৱতীৰ্ণ হোৱা তাওৰাতক সমৰ্থন কৰিবলৈ মোক তোমালোকৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছে। এতেকে মই কোনো নতুন ৰাছুল নহয়, লগতে এজন ৰাছুলৰ সুসংবাদ দিবলৈ প্ৰেৰণ কৰিছে, যিজন মোৰ পিছত আহিব, তেওঁৰ নাম হ'ব আহমদ। যেতিয়া ঈছা আলাইহিছ ছালামে সিহঁতৰ ওচৰত নিজৰ সমৰ্থনত দলিল প্ৰমাণ দাঙি ধৰিলে, তেতিয়া সিহঁতে ক'লেঃ এয়া দেখোন স্পষ্ট যাদু। গতিকে ইয়াক আমি কেতিয়াও মানি নলওঁ।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক