ছূৰা 61 · জুজ 28

As-Saff · 61:5

وَإِذْ قَالَ مُوسَىٰ لِقَوْمِهِ يَا قَوْمِ لِمَ تُؤْذُونَنِي وَقَدْ تَعْلَمُونَ أَنِّي رَسُولُ اللَّهِ إِلَيْكُمْ ۖ فَلَمَّا زَاغُوا أَزَاغَ اللَّهُ قُلُوبَهُمْ ۚ وَاللَّهُ لَا يَهْدِي الْقَوْمَ الْفَاسِقِينَ

আৰু স্মৰণ কৰা, মূছাই যেতিয়া তেওঁৰ সম্প্ৰদায়ক কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কিয় মোক কষ্ট দি আছা? অথচ তোমালোকে জানা যে, নিশ্চয় মই তোমালোকৰ প্ৰতি (প্ৰেৰিত) আল্লাহৰ ৰাছুল’। তাৰ পিছত সিহঁতে যেতিয়া বক্ৰ পথ অৱলম্বন কৰিলে তেতিয়া আল্লাহে সিহঁতৰ হৃদয়সমূহক বক্ৰ কৰি দিলে; আৰু আল্লাহে ফাছিক্ব সম্প্ৰদায়ক হিদায়ত নকৰে।

তাফছীৰ

আৰু হে ৰাছুল! আপুনি সেই সময়ক স্মৰণ কৰক, যেতিয়া মূছা আলাইহিছ ছালামে তেওঁৰ সম্প্ৰদায়ক কৈছিলঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! তোমালোকে মোৰ আদেশ উলংঘা কৰি মোক কষ্ট দিয়া কিয়, অথচ তোমালোকে জানা যে, মই তোমালোকৰ প্ৰতি আল্লাহৰ তৰফৰ পৰা প্ৰেৰিত ৰাছুল? এতেকে যেতিয়া সিহঁতে সেই সত্যৰ পৰা আঁতৰি গল, যিটো মুছা আলাইহিছ ছালামে সিহঁতৰ ওচৰলৈ আনিছিল। তেতিয়া আল্লাহে সিহঁতৰ অন্তৰক সত্য আৰু ইছলামৰ প্ৰতি অটুট থাকিবলৈ তাওফীক প্ৰাপ্তিৰ পৰা দূৰ কৰি দিলে। (এতেকে জানি থোৱা) আল্লাহে সেইসকল লোকক সত্যৰ তাওফীক নিদিয়ে, যিসকলে তেওঁৰ আনুগত্যৰ পৰা আঁতৰি যায়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক