ছূৰা 61 · জুজ 28
As-Saff · 61:13
وَأُخْرَىٰ تُحِبُّونَهَا ۖ نَصْرٌ مِنَ اللَّهِ وَفَتْحٌ قَرِيبٌ ۗ وَبَشِّرِ الْمُؤْمِنِينَ
লগতে (তেওঁ প্ৰদান কৰিব) আৰু এটা অনুগ্ৰহ, যিটো তোমালোকে পছন্দ কৰা। (অৰ্থাৎ) আল্লাহৰ তৰফৰ পৰা সহায় আৰু নিকটবৰ্তী বিজয়; আৰু তুমি মুমিনসকলক সুসংবাদ দিয়া।
তাফছীৰ
এই ব্যৱসায়ৰ আৰু এটা লাভ আছে, যিটোক তোমালোকে ভাল পোৱা আৰু সেইটো পৃথিৱীতেই প্ৰাপ্ত হয়, সেয়া হৈছে আল্লাহে তোমালোকক তোমালোকৰ শত্ৰুৰ বিৰুদ্ধে সহায় কৰিব আৰু তোমালোকে এটা সন্নিকট বিজয় লাভ কৰিবা অৰ্থাৎ মক্কা বিজয়ী হ'বা। এতেকে হে ৰাছুল! আপুনি মুমিনসকলক সুসংবাদ দিয়ক, যিটোৱে তেওঁলোকক আনন্দিত কৰিব অৰ্থাৎ পৃথিৱীত সহায়প্ৰাপ্ত হোৱাৰ আৰু পৰকালত জান্নাত লাভ কৰাৰ সুসংবাদ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক