ছূৰা 61 · জুজ 28

As-Saff · 61:14

يَا أَيُّهَا الَّذِينَ آمَنُوا كُونُوا أَنْصَارَ اللَّهِ كَمَا قَالَ عِيسَى ابْنُ مَرْيَمَ لِلْحَوَارِيِّينَ مَنْ أَنْصَارِي إِلَى اللَّهِ ۖ قَالَ الْحَوَارِيُّونَ نَحْنُ أَنْصَارُ اللَّهِ ۖ فَآمَنَتْ طَائِفَةٌ مِنْ بَنِي إِسْرَائِيلَ وَكَفَرَتْ طَائِفَةٌ ۖ فَأَيَّدْنَا الَّذِينَ آمَنُوا عَلَىٰ عَدُوِّهِمْ فَأَصْبَحُوا ظَاهِرِينَ

হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ সহায়কাৰী হোৱা, যেনেকৈ মাৰয়ামৰ পুত্ৰ ঈছাই হাৱাৰীসকলক কৈছিল, ‘আল্লাহৰ পথত কোনে মোৰ সহায়ক হ’বা’? হাৱাৰীসকলে কৈছিল, ‘আমিয়েই আল্লাহৰ পথত সহায়কাৰী’। তাৰ পিছত বনী ইছৰাঈলৰ এটা দলে ঈমান আনিলে আৰু আন এটা দলে কুফৰী কৰিলে। সেয়ে, যিসকলে ঈমান আনিছিল আমি তেওঁলোকক তেওঁলোকৰ শত্ৰুবাহিনীৰ ওপৰত শক্তিশালী কৰিলো। ফলত তেওঁলোক বিজয়ী হ’ল।

তাফছীৰ

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰীসকল! ৰাছুলে তোমালোকৰ ওচৰলৈ লৈ অহা দ্বীন ইছলামক সহায় কৰি আল্লাহৰ সহায়ক হৈ যোৱা। ঠিক সেইদৰে যিদৰে হাৱাৰীসকলে সহায় কৰিছিল, যেতিয়া ঈছা আলাইহিছ ছালামে তেওঁলোকক কৈছিলঃ আল্লাহৰ দ্বীন প্ৰচাৰৰ ক্ষেত্ৰত মোক কোনে কোনে সহায় কৰিবা? তেতিয়া তেওঁলোকে ক্ষীপ্ৰতাৰে উত্তৰ দিছিল যে, আমি হম আল্লাহৰ সহায়ক। ফলত বনী ইছৰাঈলৰ এটা দলে ঈছা আলাইহিছ ছালামৰ প্ৰতি ঈমান আনিলে আৰু আনটো দলে তেখেতক মানিবলৈ অস্বীকাৰ কৰিলে। এতেকে আমি সেইসকল লোকক কাফিৰসকলৰ বিৰুদ্ধে সমৰ্থন কৰিলো, যিসকলে ঈছা আলাইহিছ ছালামৰ প্ৰতি ঈমান পোষণ কৰিছিল। অৱশেষত তেওঁলোক সিহঁতৰ ওপৰত বিজয় প্ৰাপ্ত হ'ল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক