ছূৰা 61 · জুজ 28

As-Saff · 61:12

يَغْفِرْ لَكُمْ ذُنُوبَكُمْ وَيُدْخِلْكُمْ جَنَّاتٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ وَمَسَاكِنَ طَيِّبَةً فِي جَنَّاتِ عَدْنٍ ۚ ذَٰلِكَ الْفَوْزُ الْعَظِيمُ

তেওঁ তোমালোকৰ বাবে তোমালোকৰ পাপসমূহ ক্ষমা কৰি দিব; আৰু তোমালোকক এনে জান্নাতত প্ৰৱেশ কৰাব যাৰ তলেদি নদীসমূহ প্ৰবাহিত, আৰু চিৰস্থায়ী জান্নাতসমূহৰ উত্তম বাসগৃহসমূহতো (প্ৰৱেশ কৰাব)। এইটোৱে মহাসফলতা।

তাফছীৰ

আৰু এই ব্যৱসায়ৰ লাভাংশ হৈছে এই যে, আল্লাহে তোমালোকৰ পাপসমূহ ক্ষমা কৰি দিব আৰু তোমালোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব যাৰ অট্টালিকা আৰু বৃক্ষবোৰৰ তলেদি নিজৰা প্ৰৱাহিত হ'ব। আৰু তোমালোকক চিৰস্থায়ী জান্নাতৰ উৎকৃষ্ট ঘৰবোৰত প্ৰৱেশ কৰাব। এই প্ৰতিদানেই সেই ডাঙৰ সফলতা, যাৰ সমান আন কোনো সফলতা হ'ব নোৱাৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক