ছূৰা 61 · জুজ 28

As-Saff · 61:11

تُؤْمِنُونَ بِاللَّهِ وَرَسُولِهِ وَتُجَاهِدُونَ فِي سَبِيلِ اللَّهِ بِأَمْوَالِكُمْ وَأَنْفُسِكُمْ ۚ ذَٰلِكُمْ خَيْرٌ لَكُمْ إِنْ كُنْتُمْ تَعْلَمُونَ

সেয়া হৈছে, তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিবা আৰু তোমালোকে নিজৰ ধন-সম্পদ আৰু জীৱনৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰিবা। এইটোৱেই তোমালোকৰ বাবে কল্যাণকৰ, যদি তোমালোকে জানা।

তাফছীৰ

এই লাভদায়ক ব্যৱসায়টো হৈছে এই যে, তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা, আৰু তেওঁৰ পথত নিজৰ ধন খৰচ কৰি আৰু নিজৰ প্ৰাণ আহুতি দি তেওঁৰ সন্তুষ্টি লাভৰ বাবে যুদ্ধ কৰা। এই আমল তোমালোকৰ বাবে উত্তম। যদি তোমালোকে এই বিষয়ে অৱগত তেন্তে ইয়াৰ ফালে সোনকালে অগ্ৰসৰ হোৱা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক