ছূৰা 6 · জুজ 7

Al-An'am · 6:99

وَهُوَ الَّذِي أَنْزَلَ مِنَ السَّمَاءِ مَاءً فَأَخْرَجْنَا بِهِ نَبَاتَ كُلِّ شَيْءٍ فَأَخْرَجْنَا مِنْهُ خَضِرًا نُخْرِجُ مِنْهُ حَبًّا مُتَرَاكِبًا وَمِنَ النَّخْلِ مِنْ طَلْعِهَا قِنْوَانٌ دَانِيَةٌ وَجَنَّاتٍ مِنْ أَعْنَابٍ وَالزَّيْتُونَ وَالرُّمَّانَ مُشْتَبِهًا وَغَيْرَ مُتَشَابِهٍ ۗ انْظُرُوا إِلَىٰ ثَمَرِهِ إِذَا أَثْمَرَ وَيَنْعِهِ ۚ إِنَّ فِي ذَٰلِكُمْ لَآيَاتٍ لِقَوْمٍ يُؤْمِنُونَ

তেৱেঁই আকাশৰ পৰা পানী বৰ্ষায়, তাৰ পিছত ইয়াৰ দ্বাৰা আমি সকলো ধৰণৰ উদ্ভিদৰ পুলি উৎপন্ন কৰো, আৰু উৎপন্ন কৰো সেউজীয়া ডাল-পাত, যাৰ পৰা আমি ঘন সন্নিবিষ্ট শস্যদানা উৎপাদন কৰো, আৰু খেজুৰ গছৰ মূৰৰ পৰা উলিয়াওঁ ওলমি থকা খেজুৰৰ থোক, আৰু উৎপাদন কৰো আঙ্গুৰ, যায়তুন লগতে ডালিমৰ বাগিছা। কিছুমান আছে সদৃশ আন কিছুমান অমিল। চোৱা, সেই ফলবোৰৰ প্ৰতি যেতিয়া সেইবোৰ ফলবান হয় আৰু লক্ষ্য কৰা ইয়াৰ পকিব ধৰা অৱস্থাৰ প্ৰতি। নিশ্চয় মুমিন সম্প্ৰদায়ৰ বাবে আছে এইবোৰৰ মাজত নিদৰ্শনাৱলী।

তাফছীৰ

তেৱেঁই আকাশৰ পৰা পানী বৰ্ষায়, তাৰ দ্বাৰাই আমি বিভিন্ন প্ৰকাৰৰ গছ-পুলি উত্পন্ন কৰো, সেইবোৰ পুলিৰ পৰাই আমি ফচল তথা সেউজীয়া গছ-বৃক্ষ আদি উত্পন্ন কৰো। যিবোৰৰ পৰা দানা, বীজ আদি উলিয়াওঁ, যেনে ওপৰা ওপৰিকৈ লাগি থকা ফলৰ থোক। আৰু খেজুৰ গছৰ পৰা সৃষ্টি কৰোঁ ওলমি থকা খেজুৰৰ থোক, যিবোৰ থিয় হৈ অথবা বহিও সংগ্ৰহ কৰিব পাৰি। লগতে উত্পন্ন কৰো আঙুৰৰ বাগিচা। যায়তুন তথা ডালিম সৃষ্টি কৰো, যাৰ পাতবোৰ একেই কিন্তু ফল ভিন্ন। হে মানৱসমাজ! ইয়াৰ ফলবোৰৰ প্ৰতি লক্ষ্য কৰা যেতিয়া প্ৰথমবাৰ গছত ধৰে আৰু যেতিয়া পকি যায়। যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰে তেওঁলোকৰ বাবে ইয়াৰ মাজত আছে স্পষ্ট প্ৰমাণ আৰু তেওঁলোকেই এই প্ৰমাণবোৰৰ পৰা উপকৃত হয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক