ছূৰা 6 · জুজ 7

Al-An'am · 6:100

وَجَعَلُوا لِلَّهِ شُرَكَاءَ الْجِنَّ وَخَلَقَهُمْ ۖ وَخَرَقُوا لَهُ بَنِينَ وَبَنَاتٍ بِغَيْرِ عِلْمٍ ۚ سُبْحَانَهُ وَتَعَالَىٰ عَمَّا يَصِفُونَ

আৰু সিহঁতে জ্বিনক আল্লাহৰ সৈতে শ্বৰীক সাব্যস্ত কৰে, অথচ তেৱেঁই এইবোৰক সৃষ্টি কৰিছে; আৰু সিহঁতে অজ্ঞতাবশত আল্লাহৰ প্ৰতি পুত্ৰ-কন্যা আৰোপ কৰে; তেওঁ পৱিত্ৰ মহিমান্বিত আৰু সিহঁতে যি কয় তেওঁ তাৰ পৰা বহু ঊৰ্দ্ধত।

তাফছীৰ

মুশ্বৰিকসকলে জিনবোৰক আল্লাহৰ অংশীদাৰ কৰি লৈছিল এই বিশ্বাস পোষণ কৰি যে, সিহঁতে উপকাৰ বা অপকাৰ কৰিব পাৰে। অথচ আল্লাহেই সিহঁতক সৃষ্টি কৰিছে। সেয়ে কেৱল তেৱেঁই ইবাদতৰ যোগ্য। সিহঁতে আল্লাহৰ পুত্ৰ আছে বুলি বিশ্বাস কৰিছিল, যিদৰে ইয়াহুদীসকলে উযাইৰক আৰু খৃষ্টানসকলে ঈছাক আল্লাহৰ পুত্ৰ বুলি ভাৱিছিল। আৰু কন্যা সন্তান আছে বুলিও সিহঁতে বিশ্বাস কৰিছিল, যিদৰে মুশ্বৰিকসকলে ফিৰিস্তাসকলক আল্লাহৰ কন্যা সন্তান বুলি অপবাদ দিছিল। বাতিল পন্থীয়ে দিয়া এই সকলো অপবাদৰ পৰা আল্লাহ তাআলা পৱিত্ৰ।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক