ছূৰা 6 · জুজ 7
Al-An'am · 6:101
بَدِيعُ السَّمَاوَاتِ وَالْأَرْضِ ۖ أَنَّىٰ يَكُونُ لَهُ وَلَدٌ وَلَمْ تَكُنْ لَهُ صَاحِبَةٌ ۖ وَخَلَقَ كُلَّ شَيْءٍ ۖ وَهُوَ بِكُلِّ شَيْءٍ عَلِيمٌ
তেৱেঁই আকাশসমূহ আৰু পৃথিৱীৰ স্ৰষ্টা, তেওঁৰ সন্তান হ’ব কেনেকৈ? অথচ তেওঁৰ কোনো সঙ্গিনীয়েই নাই! তেৱেঁই সকলো বস্তু সৃষ্টি কৰিছে আৰু প্ৰত্যেক বস্তু সম্পৰ্কে তেওঁ সবিশেষ অৱগত।
তাফছীৰ
তেৱেঁই আকাশমণ্ডল তথা পৃথিৱীক পূৰ্বৰ কোনো নমুনা নোহোৱাকৈ সৃষ্টি কৰিছে। তেওঁৰ পত্নীয়ে নাই, সন্তান কেনেকৈ হব? তেৱেঁই সকলো সৃষ্টি কৰিছে আৰু তেওঁ সকলো বিষয়ে সৰ্বজ্ঞ। তেওঁৰ পৰা একোৱেই গোপন নহয়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক