ছূৰা 6 · জুজ 7

Al-An'am · 6:102

ذَٰلِكُمُ اللَّهُ رَبُّكُمْ ۖ لَا إِلَٰهَ إِلَّا هُوَ ۖ خَالِقُ كُلِّ شَيْءٍ فَاعْبُدُوهُ ۚ وَهُوَ عَلَىٰ كُلِّ شَيْءٍ وَكِيلٌ

তেৱেঁই আল্লাহ, তোমালোকৰ ৰব; তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেৱেঁই সকলো বস্তুৰ স্ৰষ্টা; এতেকে তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা; তেৱেঁই সকলো বস্তুৰ তত্বাৱধায়ক।

তাফছীৰ

হে মানৱজাতি! এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী সত্তাই হৈছে তোমালোকৰ ৰব্ব। তেওঁৰ বাহিৰে তোমালোকৰ কোনো ৰব্ব নাই আৰু কোনো সত্য উপাস্যও নাই। তেৱেঁই সকলো বস্তুৰ সৃষ্টিকৰ্তা। এতেকে কেৱল তেওঁৰেই ইবাদত কৰা। কাৰণ তেৱেঁই ইবাদতৰ যোগ্য আৰু তেৱেঁই সকলো বস্তুৰ সংৰক্ষক।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক