ছূৰা 6 · জুজ 7
Al-An'am · 6:98
وَهُوَ الَّذِي أَنْشَأَكُمْ مِنْ نَفْسٍ وَاحِدَةٍ فَمُسْتَقَرٌّ وَمُسْتَوْدَعٌ ۗ قَدْ فَصَّلْنَا الْآيَاتِ لِقَوْمٍ يَفْقَهُونَ
আৰু তেৱেঁই তোমালোকক এজন ব্যক্তিৰ পৰা সৃষ্টি কৰিছে, এতেকে (তোমালোকৰ বাবে) আছে দীৰ্ঘ আৰু স্বল্পকালীন বাসস্থান। নিশ্চয় আমি অনুধাৱনকাৰী সম্প্ৰদায়ৰ বাবে আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰিছো।
তাফছীৰ
তেওঁ তোমালোকক এটা আত্মা অৰ্থাৎ তোমালোকৰ আদি পিতা আদমৰ আত্মাৰ পৰা সৃষ্টি কৰিছে, কিয়নো প্ৰথমে তোমালোকৰ পিতা আদমক মাটিৰে সৃষ্টি কৰিছে, তাৰ পিছত তোমালোকক তেওঁৰ পৰা সৃষ্টি কৰিছে। তোমালোকৰ বাবে অৱস্থান কৰাৰ ঠাই বনাইছে যেনেঃ মাকৰ গৰ্ভ, আৰু অস্থায়ী অৱস্থান আছিল পিতৃৰ পিঠি। আমি সেই সকল লোকৰ বাবে আমাৰ নিদৰ্শনসমূহ স্পষ্ট কৰি দিছো, যিসকলে আল্লাহৰ কালাম ভালদৰে বুজি পায়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক