ছূৰা 6 · জুজ 7
Al-An'am · 6:97
وَهُوَ الَّذِي جَعَلَ لَكُمُ النُّجُومَ لِتَهْتَدُوا بِهَا فِي ظُلُمَاتِ الْبَرِّ وَالْبَحْرِ ۗ قَدْ فَصَّلْنَا الْآيَاتِ لِقَوْمٍ يَعْلَمُونَ
আৰু তেৱেঁই তোমালোকৰ বাবে তৰামণ্ডল সৃষ্টি কৰিছে যাতে ইয়াৰ দ্বাৰা তোমালোকে স্থলৰ আৰু সাগৰৰ অন্ধকাৰত পথ বিচাৰি পোৱা। নিশ্চয় আমি জ্ঞানী সম্প্ৰদায়ৰ বাবে আয়াতসমূহ বিশদভাৱে বিবৃত কৰিছো।
তাফছীৰ
হে আদম সন্তান! তেৱেঁই আকাশমণ্ডলক তৰাবোৰৰ জৰিয়তে সুসজ্জিত কৰিছে। যিবোৰৰ সহায়ত জল তথা স্থলৰ ভ্ৰমণত পথ হেৰাই গ'লে তোমালোকে পথ বিচাৰি পোৱা। আমি দলীল তথা প্ৰমাণৰ জৰিয়তে নিজৰ ক্ষমতা সাব্যস্ত কৰিছো কিন্তু ইয়াৰ দ্বাৰা কেৱল সেইসকল লোকেই উপকৃত হয় যিসকলে চিন্তা-চৰ্চা তথা গৱেষণা কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক