ছূৰা 6 · জুজ 7
Al-An'am · 6:90
أُولَٰئِكَ الَّذِينَ هَدَى اللَّهُ ۖ فَبِهُدَاهُمُ اقْتَدِهْ ۗ قُلْ لَا أَسْأَلُكُمْ عَلَيْهِ أَجْرًا ۖ إِنْ هُوَ إِلَّا ذِكْرَىٰ لِلْعَالَمِينَ
এওঁলোকেই হৈছে সেইসকল লোক, যিসকলক আল্লাহে হিদায়ত কৰিছে, এতেকে তুমি তেওঁলোকৰ পথৰ অনুসৰণ কৰা। কোৱা, ‘ইয়াৰ বাবে আমি তোমালোকৰ ওচৰত পাৰিশ্ৰমিক নিবিচাৰো, এইটো কেৱল সৃষ্টিজগতৰ বাবে উপদেশমাত্ৰ’।
তাফছীৰ
এইসকল নবী তথা তেওঁলোকৰ লগত উল্লেখিত তেওঁলোকৰ পিতৃ, সন্তান আৰু ভাতৃসকলেই প্ৰকৃত হিদায়ত প্ৰাপ্ত। এতেকে তেওঁলোকৰ অনুসৰণ কৰক আৰু তেওঁলোকক আদৰ্শ হিচাপে লওঁক। আৰু হে নবী! আপুনি আপোনাৰ সম্প্ৰদায়ক কৈ দিয়ক যে, কোৰআন পৌঁচাই দিয়াৰ বিনিময়ত মই তোমালোকৰ পৰা কোনো প্ৰতিদান নিবিচাৰো। কোৰআন হৈছে শিক্ষা সামগ্ৰী, পৃথিৱীত বসবাসকাৰী মানৱ আৰু জিন জাতিৰ বাবে, যাতে সিহঁতে ইয়াৰ দ্বাৰা পোন পথ আৰু সঠিক পথ লাভ কৰিব পাৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক