ছূৰা 6 · জুজ 7
Al-An'am · 6:91
وَمَا قَدَرُوا اللَّهَ حَقَّ قَدْرِهِ إِذْ قَالُوا مَا أَنْزَلَ اللَّهُ عَلَىٰ بَشَرٍ مِنْ شَيْءٍ ۗ قُلْ مَنْ أَنْزَلَ الْكِتَابَ الَّذِي جَاءَ بِهِ مُوسَىٰ نُورًا وَهُدًى لِلنَّاسِ ۖ تَجْعَلُونَهُ قَرَاطِيسَ تُبْدُونَهَا وَتُخْفُونَ كَثِيرًا ۖ وَعُلِّمْتُمْ مَا لَمْ تَعْلَمُوا أَنْتُمْ وَلَا آبَاؤُكُمْ ۖ قُلِ اللَّهُ ۖ ثُمَّ ذَرْهُمْ فِي خَوْضِهِمْ يَلْعَبُونَ
আৰু সিহঁতে আল্লাহক তেওঁৰ যথাৰ্থ মৰ্যাদা প্ৰদান কৰা নাই, যেতিয়া সিহঁতে কৈছিল, ‘আল্লাহে কোনো মানুহৰ প্ৰতি একো অৱতীৰ্ণ কৰা নাই’। কোৱা, ‘কোনে অৱতীৰ্ণ কৰিছিল সেই কিতাব যিটো মুছাই আনিছিল, মানুহৰ বাবে আছিল জ্যোতি আৰু হিদায়তস্বৰূপ; যিটো তোমালোকে বিভিন্ন পৃষ্ঠাত লিপিবদ্ধ কৰি কিছু প্ৰকাশ কৰা আৰু বহুত খিনি গোপন কৰা আৰু যিবোৰ তোমালোকৰ পিতৃ-পুৰুষসকলে আৰু তোমালোকেও জনা নাছিলা সেইটোও তোমালোকক শিক্ষা দিয়া হৈছিল’? কোৱা, ‘আল্লাহেই (অৱতীৰ্ণ কৰিছিল)’, তাৰ পিছত সিহঁতক সিহঁতৰ অবান্তৰ সমালোচনাৰ ওপৰত এৰি দিয়া, সিহঁতে খেলি থাকক।
তাফছীৰ
মুশ্বৰিকসকলে যেতিয়া নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক ক'লে যে, আল্লাহে কোনো মানুহৰ প্ৰতি অহী প্ৰেৰণ কৰা নাই, এনেকুৱা কথাৰ ফলত সিহঁতে আল্লাহক যথাৰ্থ সন্মান কৰা নাই। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, মূছাৰ প্ৰতি কোনে তাওৰাত অৱতীৰ্ণ কৰিছিল, যিটো তেওঁৰ সম্প্ৰদায়ৰ বাবে হিদায়ত তথা জ্যোতি আছিল। যিটোক ইয়াহুদীসকলে নিজৰ বহীত লিখি ৰাখিছিল, আৰু যিটো সিহঁতৰ প্ৰবৃত্তিৰ অনুকূল হৈছিল সেইটো প্ৰকাশ কৰিছিল আৰু বাকী বাণীসমূহ গোপন কৰিছিল, যেনেঃ মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিৱৰণ সম্পৰ্কে সিহঁতে এনেকুৱা কৰিছিল। আৰু হে আৰববাসীসকল! তোমালোকক কোৰআনৰ সেইসমূহ কথা বৰ্ণনা কৰা হৈছে যিবোৰ তোমালোকে তথা তোমালোকৰ পূৰ্বপুৰুষসকলে জনা নাছিলা। হে ৰাছুল! সিহঁতক কৈ দিয়ক যে, সেয়া আল্লাহে অৱতীৰ্ণ কৰিছিল। এতেকে তাৰ পিছত সিহঁতক সিহঁতৰ মুৰ্খতা আৰু পথভ্ৰষ্টতাত এৰি দিয়ক তথা সিহঁতক বিদ্ৰোহ আৰু উপহাস কৰিবলৈ এৰি দিয়ক, সিহঁতৰ মৃত্যু এই অৱস্থাতেই হ'ব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক