ছূৰা 6 · জুজ 7

Al-An'am · 6:89

أُولَٰئِكَ الَّذِينَ آتَيْنَاهُمُ الْكِتَابَ وَالْحُكْمَ وَالنُّبُوَّةَ ۚ فَإِنْ يَكْفُرْ بِهَا هَٰؤُلَاءِ فَقَدْ وَكَّلْنَا بِهَا قَوْمًا لَيْسُوا بِهَا بِكَافِرِينَ

এওঁলোকেই হৈছে সেইসকল লোক, যিসকলক আমি কিতাব, কৰ্তৃত্ব আৰু নবুওৱত দান কৰিছো, এতেকে যদি সিহঁতে ইয়াৰ লগত কুফৰী কৰে, তেন্তে আমি ইয়াৰ দায়িত্বভাৰ এনে এটা সম্প্ৰদায়ক দিছো যিসকলে ইয়াৰ লগত কুফৰী নকৰে।

তাফছীৰ

উক্ত নবীসকলক আমি পুথি প্ৰদান কৰিছিলো, হিকমত আৰু নুবুওৱত প্ৰদান কৰিছিলো। যদি আপোনাৰ সম্প্ৰদায়ে এইবোৰক অস্বীকাৰ কৰে তেন্তে আমি এনেকুৱা এটা জাতি প্ৰস্তুত কৰি ৰাখিছো যিসকলে এইবোৰক অস্বীকাৰ নকৰিব, বৰং ইয়াৰ ওপৰত ঈমান পোষণ কৰিব আৰু ইয়াক মজবুতভাৱে ধাৰণ কৰিব। তেওঁলোক হৈছে মুহাজিৰ আৰু আনচাৰসকল তথা সেই সকল লোক যিসকলে ক্বিয়ামত পৰ্যন্ত তেওঁলোকৰ উত্তমৰূপে অনুসৰণ কৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক