ছূৰা 6 · জুজ 7

Al-An'am · 6:88

ذَٰلِكَ هُدَى اللَّهِ يَهْدِي بِهِ مَنْ يَشَاءُ مِنْ عِبَادِهِ ۚ وَلَوْ أَشْرَكُوا لَحَبِطَ عَنْهُمْ مَا كَانُوا يَعْمَلُونَ

এইটো হৈছে আল্লাহৰ হিদায়ত, ইয়াৰ দ্বাৰা তেওঁ নিজ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা হিদায়ত প্ৰদান কৰে। কিন্তু যদি তেওঁলোকে শ্বিৰ্ক কৰিলেহেঁতেন তেন্তে তেওঁলোকৰ সকলো আমল নিষ্ফল হৈ গ’লেহেঁতেন।

তাফছীৰ

এই যিটো তাওফীক তেওঁলোকে পাইছে, সেইটো আল্লাহৰ তাওফীক। তেওঁ নিজৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে তাওফীক প্ৰদান কৰে। তেওঁলোকেও যদি কাৰোবাক আল্লাহৰ অংশী কৰিলেহেঁতেন তেন্তে তেওঁলোকৰ সকলো আমল ব্যৰ্থ হৈ গলহেঁতেন। কাৰণ শ্বিৰ্কে পূণ্যক বিনষ্ট কৰি দিয়ে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক