ছূৰা 6 · জুজ 7

Al-An'am · 6:9

وَلَوْ جَعَلْنَاهُ مَلَكًا لَجَعَلْنَاهُ رَجُلًا وَلَلَبَسْنَا عَلَيْهِمْ مَا يَلْبِسُونَ

আৰু যদি তেওঁক ফিৰিস্তা কৰিলোহেঁতেন তেন্তে তেওঁক পুৰুষ মানুহৰ আকৃতিতেই পঠিয়ালোহেঁতেন, আৰু সিহঁতক তেনেকুৱা বিভ্ৰমতেই ৰাখিলো হয় যেনেকুৱা বিভ্ৰমত সিহঁত এতিয়া আছে।

তাফছীৰ

যদি আমি কোনো ফিৰিস্তাক নবী বনালোহেঁতেন, তেন্তে তেওঁকো কোনো পুৰুষ ৰূপতে বনালোহেঁতেন, যাতে তেওঁ সিহঁতৰ কথা শুনিব পাৰে আৰু শিকিব পাৰে। কিয়নো যদি ফিৰিস্তাক বাস্তৱৰূপে প্ৰেৰণ কৰিলেহেঁতেন তেন্তে এনেকুৱা কৰিব নোৱাৰিলেহেঁতেন। আনহাতে যদি কোনো মানৱ ৰূপে প্ৰেৰণ কৰিলোহেঁতেন, তেন্তে তেওঁৰ বিষয়টো তোমালোকৰ বাবে কষ্টকৰ হৈ পৰিলেহেঁতেন।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক