ছূৰা 6 · জুজ 7

Al-An'am · 6:8

وَقَالُوا لَوْلَا أُنْزِلَ عَلَيْهِ مَلَكٌ ۖ وَلَوْ أَنْزَلْنَا مَلَكًا لَقُضِيَ الْأَمْرُ ثُمَّ لَا يُنْظَرُونَ

আৰু সিহঁতে কয়, ‘কিয় তাৰ ওচৰত কোনো ফিৰিস্তা অৱতীৰ্ণ নহয়?’ আৰু যদি আমি ফিৰিস্তা অৱতীৰ্ণ কৰিলোহেঁতেন, তেন্তে বিষয়টোৰ চুড়ান্ত ফয়চালাই হৈ গ’লেহেঁতেন, তাৰ পিছত সিহঁতক আৰু কোনো অৱকাশ দিয়া নহ’লেহেঁতেন।

তাফছীৰ

কাফিৰসকলে কয়ঃ আল্লাহে যদি মুহাম্মদৰ সৈতে এজন ফিৰিস্তা অৱতীৰ্ণ কৰিলেহেঁতেন, যিজনে সাক্ষী হৈ ক'লেহেঁতেন যে, এওঁ ৰাছুল, তেন্তে আমি ঈমান আনিলোহেঁতেন। আমি যদি সিহঁতৰ মনোকামনা অনুসাৰে ফিৰিস্তা অৱতীৰ্ণ কৰিলোহেঁতেন, আৰু যদি সিহঁতে ইয়াৰ পিছতো ঈমান পোষণ নকৰিলেহেঁতেন, তেন্তে আমি সিহঁতক তাওবাৰ অৱকাশ নিদিয়াকৈয়ে ধ্বংস কৰিলোহেঁতেন।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক