ছূৰা 6 · জুজ 7
Al-An'am · 6:7
وَلَوْ نَزَّلْنَا عَلَيْكَ كِتَابًا فِي قِرْطَاسٍ فَلَمَسُوهُ بِأَيْدِيهِمْ لَقَالَ الَّذِينَ كَفَرُوا إِنْ هَٰذَا إِلَّا سِحْرٌ مُبِينٌ
আৰু আমি যদি তোমাৰ প্ৰতি কাগজত লিখা কিতাপো অৱতীৰ্ণ কৰিলোহেঁতেন, ফলত সিহঁতে যদি সেয়া হাতেৰে স্পৰ্শও কৰিলেহেঁতেন তথাপিও কাফিৰসকলে ক’লেহেঁতেন, ‘এইটো স্পষ্ট যাদুৰ বাহিৰে আন একো নহয়’।
তাফছীৰ
(হে ৰাছুল) যদি মই কাগজত লিখা পুথি অৱতীৰ্ণ কৰোঁ, আৰু সেয়া যদি সিহঁতে নিজ চকুৰে দেখা পায় তথা নিজ হাতেৰে চুই দেখে, তথাপিও সিহঁতে নিজৰ অবাধ্যতাৰ কাৰণে ইয়াক অস্বীকাৰ কৰিব আৰু ঈমান পোষণ নকৰিব। লগতে ক'ব, আপুনি যি লৈ আহিছে এয়া স্পষ্ট যাদু। এতেকে ইয়াৰ প্ৰতি আমি ঈমান পোষণ নকৰোঁ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক