ছূৰা 6 · জুজ 7
Al-An'am · 6:6
أَلَمْ يَرَوْا كَمْ أَهْلَكْنَا مِنْ قَبْلِهِمْ مِنْ قَرْنٍ مَكَّنَّاهُمْ فِي الْأَرْضِ مَا لَمْ نُمَكِّنْ لَكُمْ وَأَرْسَلْنَا السَّمَاءَ عَلَيْهِمْ مِدْرَارًا وَجَعَلْنَا الْأَنْهَارَ تَجْرِي مِنْ تَحْتِهِمْ فَأَهْلَكْنَاهُمْ بِذُنُوبِهِمْ وَأَنْشَأْنَا مِنْ بَعْدِهِمْ قَرْنًا آخَرِينَ
সিহঁতে চোৱা নাইনে যে, আমি সিহঁতৰ পূৰ্বে বহু প্ৰজন্মক বিনাশ কৰিছো? সিহঁতক পৃথিৱীত এনেকৈ প্ৰতিষ্ঠিত কৰিছিলো যে, তেনেকৈ প্ৰতিষ্ঠিত তোমালোককো কৰা নাই আৰু সিহঁতৰ ওপৰত ধাৰাষাৰ বৰষুণ বৰ্ষাইছিলো। আৰু সৃষ্টি কৰিছিলো নদীসমূহ যিবোৰ সিহঁতৰ তলত প্ৰবাহিত আছিল, তাৰ পিছত সিহঁতৰ পাপকৰ্মৰ বাবে সিহঁতক বিনাশ কৰিছো আৰু সিহঁতৰ পিছত আন প্ৰজন্মক সৃষ্টি কৰিছো।
তাফছীৰ
কাফিৰসকলে আল্লাহৰ এই নীতি নাজানে নেকি যে, তেওঁ অত্যাচাৰী জাতিক ধ্বংস কৰে। ইহঁতৰ পূৰ্বে আল্লাহে অসংখ্য জাতিক নাশ কৰিছে, সিহঁতক তেওঁ এনেকুৱা শক্তি তথা পৃথিৱীত প্ৰতিষ্ঠিত হ'বলৈ এনেকুৱা মাধ্যম প্ৰদান কৰিছিল, যিবোৰ এইসকল কাফিৰক দিয়া হোৱা নাই। সিহঁতৰ ওপৰত ধাৰাসাৰ বৰষুণ দিছিল আৰু সিহঁতৰ আবাসস্থলৰ তলেদি নদী প্ৰবাহিত কৰিছিল, তথাপিও সিহঁতে আল্লাহক অৱজ্ঞা কৰিছিল। ফলত আল্লাহে সিহঁতৰ পাপকৰ্মৰ কাৰণে সিহঁতক ধ্বংস কৰিছিল, আৰু সিহঁতৰ পিছত অন্য জাতিক সৃষ্টি কৰিলে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক