ছূৰা 6 · জুজ 7
Al-An'am · 6:10
وَلَقَدِ اسْتُهْزِئَ بِرُسُلٍ مِنْ قَبْلِكَ فَحَاقَ بِالَّذِينَ سَخِرُوا مِنْهُمْ مَا كَانُوا بِهِ يَسْتَهْزِئُونَ
আৰু তোমাৰ পূৰ্বে বহুতো ৰাছুলক উপহাস কৰা হৈছে। ফলত যিসকলে তেওঁলোকৰ লগত উপহাস কৰিছিল সিহঁতক সিহঁতৰ উপহাসেই পৰিবেষ্টন কৰি লৈছে।
তাফছীৰ
যদি ইহঁতে আপোনাৰ লগত উপহাস কৰি আপোনাৰ প্ৰতি ফিৰিস্তা অৱতীৰ্ণ হোৱাৰ আবেদন কৰে, তেন্তে জানি থওঁক, ইহতৰ পূৰ্বৰ জাতি সকলেও নিজ ৰাছুলৰ লগত উপহাস কৰিছিল। ফলত সিহঁতক সেই শাস্তিয়ে পৰিবেষ্টন কৰিলে যিটোক সিহঁতে অস্বীকাৰ কৰিছিল। সিহঁতক যেতিয়া এই শাস্তিৰ পৰা ভয় দেখুৱা হৈছিল, সিহঁতে তেতিয়া উপহাস কৰিছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক