ছূৰা 6 · জুজ 7
Al-An'am · 6:78
فَلَمَّا رَأَى الشَّمْسَ بَازِغَةً قَالَ هَٰذَا رَبِّي هَٰذَا أَكْبَرُ ۖ فَلَمَّا أَفَلَتْ قَالَ يَا قَوْمِ إِنِّي بَرِيءٌ مِمَّا تُشْرِكُونَ
তাৰ পিছত যেতিয়া তেওঁ সূৰ্যক দীপ্তিমানৰূপে উদয় হোৱা দেখিলে তেতিয়া ক’লে, ‘এইটো মোৰ ৰব, এইটো আটাইতকৈ ডাঙৰ’। যেতিয়া এইটোও অস্ত গ’ল তেতিয়া তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে যাক আল্লাহৰ লগত অংশী কৰা তাৰ লগত মোৰ কোনো সম্পৰ্ক নাই (তাৰ পৰা মই মুক্ত)’।
তাফছীৰ
যেতিয়া সূৰ্য্য উদয় হোৱা দেখিলে, তেতিয়া ক'বলৈ ধৰিলেঃ এইটোৱে মোৰ ৰব্ব। এইটো তৰা আৰু চন্দ্ৰতকৈও ডাঙৰ। কিন্তু যেতিয়া সেইটোও অস্তমিত হ'ল, তেতিয়া ক'লেঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! যিবোৰ বস্তুক তোমালোকে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰা, মই সেইবোৰৰ পৰা সম্পূৰ্ণ মুক্ত।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক