ছূৰা 6 · জুজ 7
Al-An'am · 6:77
فَلَمَّا رَأَى الْقَمَرَ بَازِغًا قَالَ هَٰذَا رَبِّي ۖ فَلَمَّا أَفَلَ قَالَ لَئِنْ لَمْ يَهْدِنِي رَبِّي لَأَكُونَنَّ مِنَ الْقَوْمِ الضَّالِّينَ
তাৰ পিছত যেতিয়া তেওঁ চন্দ্ৰক সমুজ্জলৰূপে উদয় হোৱা দেখিলে তেতিয়া ক’লে, ‘এইটো মোৰ ৰব’। যেতিয়া সেইটোও অস্ত গ’ল তেতিয়া ক’লে, ‘মোক মোৰ প্ৰতিপালকে হিদায়ত নকৰিলে মই নিশ্চয় পথভ্ৰষ্ট সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত হম’।
তাফছীৰ
আকৌ যেতিয়া চন্দ্ৰ উদয় হোৱা দেখিলে, তেতিয়া ক'বলৈ ধৰিলেঃ এইটোৱে মোৰ ৰব্ব। কিন্তু এইটোও যেতিয়া অদৃশ্য হ'ল, তেতিয়া ক'লেঃ যদি আল্লাহে মোক একক ভাৱে তেওঁৰ ইবাদত কৰাৰ তাওফীক নিদিয়ে তেন্তে মই সেই সকল লোকৰ অন্তৰ্ভুক্ত হৈ যাম, যিসকল আল্লাহৰ সত্য দ্বীনৰ পৰা আঁতৰি আছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক