ছূৰা 6 · জুজ 7
Al-An'am · 6:76
فَلَمَّا جَنَّ عَلَيْهِ اللَّيْلُ رَأَىٰ كَوْكَبًا ۖ قَالَ هَٰذَا رَبِّي ۖ فَلَمَّا أَفَلَ قَالَ لَا أُحِبُّ الْآفِلِينَ
তাৰ পিছত ৰাতিয়ে যেতিয়া তেওঁক আচ্ছন্ন কৰিলে তেতিয়া তেওঁ তৰা এটা দেখি ক’লে, ‘এইটো মোৰ ৰব’। তাৰ পিছত যেতিয়া সেইটো অস্তমিত হ’ল তেতিয়া তেওঁ ক’লে, ‘অস্তমিত যোৱা বস্তুক মই ভাল নাপাওঁ’।
তাফছীৰ
যেতিয়া ৰাতি হ'ল, তেওঁ এটা তৰা দেখি ক'লেঃ এইটোৱে মোৰ ৰব্ব, কিন্তু যেতিয়া তৰাটো অদৃশ্য হৈ গ'ল, তেতিয়া ক'লেঃ যিটো অদৃশ্য হৈ যায় সেইটোক মই পছন্দ নকৰো। কিয়নো সত্য উপাস্য কেতিয়াও অদৃশ্য নহয় বৰং সদায় উপস্থিত থাকে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক