ছূৰা 6 · জুজ 7

Al-An'am · 6:75

وَكَذَٰلِكَ نُرِي إِبْرَاهِيمَ مَلَكُوتَ السَّمَاوَاتِ وَالْأَرْضِ وَلِيَكُونَ مِنَ الْمُوقِنِينَ

এইদৰে আমি ইব্ৰাহীমক আকাশসমূহ আৰু পৃথিৱীৰ ৰাজত্ব দেখুৱাইছো, যাতে তেওঁ দৃঢ় বিশ্বাসীসকলৰ অন্তৰ্ভুক্ত হয়।

তাফছীৰ

যিদৰে আমি তেওঁক তেওঁৰ পিতা তথা তেওঁৰ জাতিৰ পথভ্ৰষ্টতা দেখুৱাইছো, ঠিক সেইদৰে আমি তেওঁক আকাশ তথা পৃথিৱীৰ বিশাল ৰাজত্ব দেখুৱাইছো, যাতে তেওঁ বুজি পায় যে, একমাত্ৰ আল্লাহেই ইবাদতৰ যোগ্য। লগতে যাতে পতিয়ন যায় যে, আল্লাহ একক, তেওঁৰ কোনো অংশীদাৰ নাই আৰু তেওঁ সকলো বস্তু ওপৰত ক্ষমতাৱান।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক