ছূৰা 6 · জুজ 7

Al-An'am · 6:74

۞ وَإِذْ قَالَ إِبْرَاهِيمُ لِأَبِيهِ آزَرَ أَتَتَّخِذُ أَصْنَامًا آلِهَةً ۖ إِنِّي أَرَاكَ وَقَوْمَكَ فِي ضَلَالٍ مُبِينٍ

আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীমে তেওঁৰ পিতা আযৰক কৈছিল, ‘আপুনি মূৰ্তিক ইলাহৰূপে গ্ৰহণ কৰে নেকি? মই আপোনাক আৰু আপোনাৰ সম্প্ৰদায়ক স্পষ্ট ভ্ৰষ্টতাৰ মাজত দেখি আছো’।

তাফছীৰ

হে ৰাছুল! স্মৰণ কৰক, যেতিয়া ইব্ৰাহীম আলাইহিছ ছালামে তেওঁৰ মুশ্বৰিক পিতা আজাৰক কৈছিলঃ হে মোৰ পিতৃ! আপুনি আল্লাহক এৰি মূৰ্তিবোৰৰ পূজা-পাঠ কৰে, মই আপোনাক আৰু আপোনাৰ সম্প্ৰদায়ক যিসকলে মূৰ্তি পূজা কৰি আছে প্ৰকাশ্য ভ্ৰান্ত পথত দেখি আছো। এই পূজা পাঠৰ কাৰণেই সিহঁত সত্য পথৰ পৰা আঁতৰি আছে। সত্য উপাস্য একমাত্ৰ আল্লাহ তাআলা, তেওঁৰ বাহিৰে সকলো উপাস্য অসত্য।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক