ছূৰা 6 · জুজ 7

Al-An'am · 6:73

وَهُوَ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ بِالْحَقِّ ۖ وَيَوْمَ يَقُولُ كُنْ فَيَكُونُ ۚ قَوْلُهُ الْحَقُّ ۚ وَلَهُ الْمُلْكُ يَوْمَ يُنْفَخُ فِي الصُّورِ ۚ عَالِمُ الْغَيْبِ وَالشَّهَادَةِ ۚ وَهُوَ الْحَكِيمُ الْخَبِيرُ

তেৱেঁই যথাযথভাৱে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে। আৰু যিদিনা তেওঁ ক’ব, ‘হ’, তেতিয়াই সেয়া হৈ যাব। তেওঁৰ কথাই সত্য। যিদিনা শিঙাত ফুঁ দিয়া হ’ব সেইদিনাৰ কৰ্তৃত্ব কেৱল তেওঁৰেই। অদৃশ্য আৰু প্ৰকাশ্য বিষয়ে তেৱেঁই পৰিজ্ঞাত, আৰু তেওঁ প্ৰজ্ঞাময়, সবিশেষ অৱগত।

তাফছীৰ

তেৱেঁই সত্যৰ সৈতে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে। (সেই দিনটোক ভয় কৰা) যিদিনা আল্লাহে কোনো বস্তুক ক'ব, “হৈ যা” ফলত সেয়া হৈ যাব। ক্বিয়ামতৰ দিনা আল্লাহে যেতিয়া ক'বঃ উঠা, তেতিয়া সকলোৱে উঠিব। তেওঁৰ কথা চিৰসত্য, সেইটো বাস্তৱায়িত হ'বই হ'ব। ক্বিয়ামতৰ দিনা কেৱল তেওঁৰেই ৰাজত্ব চলিব, যেতিয়া ইছৰাফীলে শিঙাত দ্বিতীয় বাৰ ফুঁ দিব। তেওঁ প্ৰকাশ্য অপ্ৰকাশ্য সকলো বিষয়ে অৱগত। তেওঁ সৃষ্টি কৰাত আৰু নিয়ন্ত্ৰণত মহা প্ৰজ্ঞাৱান, তেওঁ সৰ্বজ্ঞ, তেওঁৰ পৰা কোনো বস্তু গোপন নহয়। তেওঁৰ ওচৰত প্ৰকাশ্য আৰু অপ্ৰকাশ্যৰ মাজত কোনো পাৰ্থক্য নাই।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক