ছূৰা 6 · জুজ 7
Al-An'am · 6:72
وَأَنْ أَقِيمُوا الصَّلَاةَ وَاتَّقُوهُ ۚ وَهُوَ الَّذِي إِلَيْهِ تُحْشَرُونَ
‘আৰু (আদেশ কৰা হৈছে) ছালাত প্ৰতিষ্ঠা কৰিবলৈ আৰু তেওঁৰ তাক্বৱা অৱলম্বন কৰিবলৈ। তেৱেঁই হৈছে সেই সত্বা, যাৰ ওচৰত তোমালোকক একত্ৰিত কৰা হ’ব’।
তাফছীৰ
আৰু তেওঁ আমাক সৰ্বোত্তমৰূপে ছালাত প্ৰতিষ্ঠা কৰাৰ তথা তেওঁৰ আদেশ-নিষেধ পালন কৰি তাক্বৱা অৱলম্বন কৰাৰ আদেশ দিছে। কাৰণ ক্বিয়ামতৰ দিনা সকলোকে তেওঁৰ ওচৰতেই একত্ৰিত কৰা হ'ব। যাতে সকলোকে সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব পাৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক