ছূৰা 6 · জুজ 7
Al-An'am · 6:71
قُلْ أَنَدْعُو مِنْ دُونِ اللَّهِ مَا لَا يَنْفَعُنَا وَلَا يَضُرُّنَا وَنُرَدُّ عَلَىٰ أَعْقَابِنَا بَعْدَ إِذْ هَدَانَا اللَّهُ كَالَّذِي اسْتَهْوَتْهُ الشَّيَاطِينُ فِي الْأَرْضِ حَيْرَانَ لَهُ أَصْحَابٌ يَدْعُونَهُ إِلَى الْهُدَى ائْتِنَا ۗ قُلْ إِنَّ هُدَى اللَّهِ هُوَ الْهُدَىٰ ۖ وَأُمِرْنَا لِنُسْلِمَ لِرَبِّ الْعَالَمِينَ
কোৱা, ‘আল্লাহৰ বাহিৰে আমি এনে কাৰোবাক আহ্বান কৰিম নেকি, যিয়ে আমাৰ কোনো উপকাৰ অথবা অপকাৰ একোৱেই কৰিব নোৱাৰে? আৰু আল্লাহে আমাক হিদায়ত দিয়াৰ পিছত আকৌ আমি পূৰ্বাৱস্থালৈ উভতি যামনে সেই ব্যক্তিৰ দৰে, যাক চয়তানে পৃথিৱীত এনে মজবুতভাৱে পাইছে যে সি পথ হেৰুৱাই কিংকৰ্তব্যবিমূঢ় হৈছে? তাৰ আছে কিছুমান (ঈমান্দাৰ) সহচৰবৃন্দ, সিহঁতে তাক হিদায়তৰ প্ৰতি আহ্বান কৰি কয়, ‘আহা আমাৰ ফালে আহা’। কোৱা, ‘আল্লাহৰ হিদায়তেই সঠিক হিদায়ত আৰু আমাক আদেশ কৰা হৈছে সৃষ্টিজগতৰ ৰবৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ’।
তাফছীৰ
হে ৰাছুল! এই মুশ্বৰিকসকলক কৈ দিয়ক যে, আমি আল্লাহক এৰি এনেকুৱা মূৰ্তিবোৰৰ পূজা-পাঠ কৰিম নেকি, যিবোৰে ক্ষতিও কৰিব নোৱাৰে আৰু উপকাৰো কৰিব নোৱাৰে। আৰু আল্লাহে আমাক তাওফীক দিয়া ঈমানৰ পৰা উভতি যাম নেকি, আৰু সেই সকল লোকৰ দৰে হৈ যাম নেকি যিসকলক চয়তানে পথভ্ৰষ্ট কৰিছে। যিসকলক এনেকৈ দিশহাৰা কৰিছে যে, সিহঁতে পথ বিচাৰি পোৱা নাই। সিহঁতৰ কিছুমান সঙ্গী এনেকুৱা আছে যিসকলে সিহঁতক সত্য পথৰ পিনে আহ্বান কৰে কিন্তু সিহঁতে তেওঁলোকৰ কথা নুশুনে। হে ৰাছুল! সিহঁতক কৈ দিয়ক যে, আল্লাহৰ হিদায়তেই হৈছে সত্য হিদায়ত, আল্লাহে আমাক আদেশ প্ৰদান কৰিছে যে, আমি যেন তেওঁৰ সন্মুখত নত হৈ যাওঁ। আৰু কেৱল তেওঁৰেই ইবাদত কৰোঁ, কাৰণ তেৱেঁই সকলোৰে ৰব্ব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক