ছূৰা 6 · জুজ 7

Al-An'am · 6:70

وَذَرِ الَّذِينَ اتَّخَذُوا دِينَهُمْ لَعِبًا وَلَهْوًا وَغَرَّتْهُمُ الْحَيَاةُ الدُّنْيَا ۚ وَذَكِّرْ بِهِ أَنْ تُبْسَلَ نَفْسٌ بِمَا كَسَبَتْ لَيْسَ لَهَا مِنْ دُونِ اللَّهِ وَلِيٌّ وَلَا شَفِيعٌ وَإِنْ تَعْدِلْ كُلَّ عَدْلٍ لَا يُؤْخَذْ مِنْهَا ۗ أُولَٰئِكَ الَّذِينَ أُبْسِلُوا بِمَا كَسَبُوا ۖ لَهُمْ شَرَابٌ مِنْ حَمِيمٍ وَعَذَابٌ أَلِيمٌ بِمَا كَانُوا يَكْفُرُونَ

আৰু যিসকলে নিজৰ দ্বীনক খেল-ধেমালিৰূপে গ্ৰহণ কৰিছে আৰু পাৰ্থিৱ জীৱনে যিসকলক প্ৰতাৰিত কৰিছে তুমি সিহঁতক পৰিত্যাগ কৰা। আৰু তুমি এই কোৰআনৰ দ্বাৰা সিহঁতক উপদেশ দিয়া, যাতে কোনোবাই নিজ কৃতকৰ্মৰ বাবে ধ্বংস নহয় সেই সময়ত যেতিয়া আল্লাহৰ বাহিৰে তাৰ কোনো অভিভাৱক আৰু ছুপাৰিছকাৰী নাথাকিব আৰু বিনিময়ত সকলো বস্তু দিলেও সেয়া গ্ৰহণ কৰা নহ’ব। ইহঁতেই নিজ কৃতকৰ্মৰ বাবে ধ্বংস হৈছে; কুফৰী কৰাৰ কাৰণে ইহঁতৰ পান কৰাৰ বাবে আছে অতি উষ্ণ পানী আৰু কষ্টদায়ক শাস্তি।

তাফছীৰ

হে ৰাছুল! এই মুশ্বৰিকসকলক এৰি দিয়ক, যিসকলে ধৰ্মক খেল-ধেমালিৰ পাত্ৰ বনাইছে, আৰু ধৰ্মক উপহাস কৰে। ইহঁতে পাৰ্থিৱ জীৱনৰ প্ৰৱঞ্চনাত পৰিছে। হে নবী! মানুহক কোৰআনৰ দ্বাৰা উপদেশ দিয়ক, যাতে কোনো ব্যক্তিয়ে পাপ কৰ্মৰ কাৰণে সৰ্বনাশ নহয়, তেতিয়া আল্লাহৰ বাহিৰে আন কোনো সহায়ক নাথাকিব যাৰ পৰা সি সহায় বিচাৰিব। আৰু এনেকুৱা কোনো মধ্যস্ততাকাৰীও নাথাকিব যিয়ে ক্বিয়ামতৰ দিনা তাক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব। যিদিনা কোনেও কোনো মুক্তিপণৰ বিনিময়ত মুক্তি নাপাব। এইসকল লোকেই গুনাহত পতিত হৈ নিজকে ধ্বংস কৰিছে। ক্বিয়ামতৰ দিনা সিহঁতক সিহঁতৰ কুুফুৰীৰ কাৰণে অত্যন্ত গৰম পানীয় পান কৰোৱা হ'ব আৰু কষ্টদায়ক শাস্তি দিয়া হ'ব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক