ছূৰা 6 · জুজ 7

Al-An'am · 6:69

وَمَا عَلَى الَّذِينَ يَتَّقُونَ مِنْ حِسَابِهِمْ مِنْ شَيْءٍ وَلَٰكِنْ ذِكْرَىٰ لَعَلَّهُمْ يَتَّقُونَ

আৰু সিহঁতৰ আমলৰ জবাবদিহিৰ দায়িত্ব মুত্তাক্বীসকলৰ ওপৰত নহয়। কিন্তু উপদেশ দিয়া তেওঁলোকৰ কৰ্তব্য, যাতে সিহঁতেও তাক্বৱা অৱলম্বন কৰে।

তাফছীৰ

আৰু যিসকলে আল্লাহক ভয় কৰে তথা তেওঁৰ আদেশ নিষেধ পালন কৰে, তেওঁলোকৰ পৰা এই অত্যাচাৰীসকলৰ কোনো হিচাপ লোৱা নহ'ব। তেওঁলোকৰ দায়িত্ব কেৱল এইখিনি যে, সিহঁতক পাপ কৰ্মৰ পৰা নিষেধ কৰা, যাতে সিহঁতৰ অন্তৰত আল্লাহৰ ভীতি সোমায় আৰু সিহঁতেও আল্লাহৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক