ছূৰা 6 · জুজ 7

Al-An'am · 6:68

وَإِذَا رَأَيْتَ الَّذِينَ يَخُوضُونَ فِي آيَاتِنَا فَأَعْرِضْ عَنْهُمْ حَتَّىٰ يَخُوضُوا فِي حَدِيثٍ غَيْرِهِ ۚ وَإِمَّا يُنْسِيَنَّكَ الشَّيْطَانُ فَلَا تَقْعُدْ بَعْدَ الذِّكْرَىٰ مَعَ الْقَوْمِ الظَّالِمِينَ

আৰু তুমি যেতিয়া সিহঁতক দেখিবলৈ পাবা, যিসকলে আমাৰ আয়াতসমূহৰ বিষয়ে উপহাসমূলক আলোচনাত মগ্ন হয়, তেতিয়া তুমি সিহঁতৰ পৰা মূখ ঘূৰাই ল’বা, যেতিয়া লৈকে সিহঁতে আন প্ৰসংগ আৰম্ভ নকৰিব। আৰু যদি চয়তানে তোমাক পাহৰাই দিয়ে তেন্তে স্মৰণ হোৱাৰ পিছত যালিম সম্প্ৰদায়ৰ লগত নবহিবা।

তাফছীৰ

হে ৰাছুল! যেতিয়া আপুনি মুশ্বৰিক সকলক আমাৰ আয়াতসমূহক লৈ উপহাস কৰা বা উপলুঙা কৰা দেখিব, তেতিয়া আপুনি সিহঁতৰ পৰা আঁতৰি থাকিব যেতিয়ালৈকে সিহঁতে আন কোনো প্ৰসঙ্গ আৰম্ভ নকৰে। আনহাতে যদি চয়তানে পাহৰাই দিয়ে আৰু অজানিতে আপুনি সিহঁতৰ লগত বহে তেন্তে মনত পৰাৰ লগে লগে সিহঁতৰ বৈঠক পৰিত্যাগ কৰক আৰু এনেকুৱা সীমালংঘনকাৰী সকলৰ সৈতে নবহিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক