ছূৰা 6 · জুজ 7
Al-An'am · 6:79
إِنِّي وَجَّهْتُ وَجْهِيَ لِلَّذِي فَطَرَ السَّمَاوَاتِ وَالْأَرْضَ حَنِيفًا ۖ وَمَا أَنَا مِنَ الْمُشْرِكِينَ
মই একনিষ্ঠভাৱে তেওঁৰ ফালে মুখ কৰিছো যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে আৰু মই মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহয়।
তাফছীৰ
মই মোৰ দ্বীন সেই সত্তাৰ বাবে সমৰ্পিত কৰিছো, যিয়ে পূৰ্বৰ কোনো উপমা নোহোৱাকৈ আকাশমণ্ডল তথা পৃথিৱী সৃষ্টি কৰিছে, লগতে মই শ্বিৰ্কৰ পৰা মুক্ত হৈ নিৰ্ভেজাল তাওহীদৰ পিনে ধাবিত হৈছো। মই সেই সকল মুশ্বৰ্কিৰ অন্তৰ্ভুক্ত নহয়, যিসকলে আল্লাহৰ লগত আনক অংশী কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক