ছূৰা 6 · জুজ 7
Al-An'am · 6:66
وَكَذَّبَ بِهِ قَوْمُكَ وَهُوَ الْحَقُّ ۚ قُلْ لَسْتُ عَلَيْكُمْ بِوَكِيلٍ
আৰু তোমাৰ সম্প্ৰদায়ে ইয়াক মিছা বুলি কৈছে অথচ এইটো সত্য। কোৱা, ‘মই তোমালোকৰ কাৰ্যনিৰ্বাহক নহয়’।
তাফছীৰ
এই কোৰআন সত্য আৰু নিশ্চিতৰূপে ই আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ, ইয়াত কোনো সন্দেহ নাই। তথাপিও আপোনাৰ সম্প্ৰদায়ে ইয়াক মিছা প্ৰতিপন্ন কৰিছে। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, তোমালোকক চোৱা চিতা কৰাৰ দায়িত্ব মোক দিয়া হোৱা নাই। মই কেৱল তোমালোকক সন্মুখত থকা এটা শাস্তিৰ পৰা সতৰ্ককাৰীহে মাথোন।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক