ছূৰা 6 · জুজ 7
Al-An'am · 6:65
قُلْ هُوَ الْقَادِرُ عَلَىٰ أَنْ يَبْعَثَ عَلَيْكُمْ عَذَابًا مِنْ فَوْقِكُمْ أَوْ مِنْ تَحْتِ أَرْجُلِكُمْ أَوْ يَلْبِسَكُمْ شِيَعًا وَيُذِيقَ بَعْضَكُمْ بَأْسَ بَعْضٍ ۗ انْظُرْ كَيْفَ نُصَرِّفُ الْآيَاتِ لَعَلَّهُمْ يَفْقَهُونَ
কোৱা, ‘তেওঁ তোমালোকৰ ওপৰৰ পৰা বা তলৰ পৰা শাস্তি পঠাবলৈ, নাইবা তোমালোকক বিভিন্ন সন্দেহপূৰ্ণ দলত বিভক্ত কৰিবলৈ অথবা এটা দলক আন এটা দলৰ সংঘৰ্ষৰ সোৱাদ গ্ৰহণ কৰাবলৈ পূৰ্ণ সক্ষম’। চোৱা, আমি কেনেকৈ বিভিন্ন ধৰণে আয়াতসমূহ বিবৃত কৰো যাতে সিহঁতে ভালকৈ বুজিব পাৰে।
তাফছীৰ
হে ৰাছুল! ইহঁতক কৈ দিয়ক যে, আল্লাহ তোমালোকৰ ওপৰত এনেকুৱা শাস্তি প্ৰেৰণ কৰিবলৈ সক্ষম যিটো ওপৰৰ পৰা আহিব যেনে, শীল, বিজুলী আৰু ধুমুহা আদি অথবা এনেকুৱা শাস্তি যিটো তলৰ পৰা আহিব যেনে, ভূমিকম্প, ভূমিস্খলন আদি, নাইবা তোমালোকৰ মাজত মতভেদ সৃষ্টি কৰি দিব আৰু সকলোৱে নিজৰ নিজৰ ইচ্ছানুসাৰে চলিব আৰু পৰস্পৰে কাজিয়াত লিপ্ত হ'ব। হে ৰাছুল! গমি চাওকচোন, কিদৰে আমি স্পষ্ট প্ৰমাণবোৰ সিহঁতৰ সন্মুখত দাঙি ধৰিছো, যাতে সিহঁতে বুজি পায় যে, আপুনি যি লৈ আহিছে সেয়া সত্য আৰু যিবোৰ সিহঁতৰ ওচৰত আছে সেয়া অসত্য।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক