ছূৰা 6 · জুজ 7

Al-An'am · 6:64

قُلِ اللَّهُ يُنَجِّيكُمْ مِنْهَا وَمِنْ كُلِّ كَرْبٍ ثُمَّ أَنْتُمْ تُشْرِكُونَ

কোৱা, ‘আল্লাহেই তোমালোকক তাৰ পৰা আৰু সকলো দুখ-কষ্টৰ পৰা নাজাত দিয়ে। ইয়াৰ পিছতো তোমালোকে শ্বিৰ্ক কৰা’।

তাফছীৰ

হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, আল্লাহেই তোমালোকক সকলো প্ৰকাৰ বিপদৰ পৰা ৰক্ষা কৰে আৰু সকলো প্ৰকাৰ সংকটৰ পৰা মুক্তি দিয়ে। তথাপিও তোমালোকে সুখৰ সময়ত তেওঁৰ লগত অংশীদাৰ স্থাপন কৰা। ইয়াতকৈ ডাঙৰ অন্যায় আৰু কি হ'ব পাৰে?।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক