ছূৰা 6 · জুজ 7

Al-An'am · 6:63

قُلْ مَنْ يُنَجِّيكُمْ مِنْ ظُلُمَاتِ الْبَرِّ وَالْبَحْرِ تَدْعُونَهُ تَضَرُّعًا وَخُفْيَةً لَئِنْ أَنْجَانَا مِنْ هَٰذِهِ لَنَكُونَنَّ مِنَ الشَّاكِرِينَ

কোৱা, ‘স্থলভাগৰ আৰু সাগৰৰ অন্ধকাৰৰ পৰা কোনে তোমালোকক নাজাত দিয়ে? যেতিয়া তোমালোকে অনুনয় বিনয় কৰি আৰু গোপনভাৱে তেওঁকেই প্ৰাৰ্থনা কৰা যে, আমাক ইয়াৰ পৰা ৰক্ষা কৰিলে আমি নিশ্চয় কৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত হম’।

তাফছীৰ

হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক যে, জল আৰু স্থলৰ বিপদ-আপদৰ পৰা তোমালোকক কোনে উদ্ধাৰ কৰে? তেতিয়া তোমালোকে দেখুন বিনীত হৈ প্ৰকাশ্য অপ্ৰকাশ্যভাৱে কেৱল তেওঁকেই আহ্বান কৰা, তেতিয়া তোমালোকে কোৱা যে, আমাৰ প্ৰতিপালকে যদি আমাক এই বিপদৰ পৰা ৰক্ষা কৰে তেন্তে আমি তেওঁৰ অনুগ্ৰহবোৰৰ কৃতজ্ঞতা আদায় কৰিম আৰু তেওঁৰ বাহিৰে আন কাৰো ইবাদত নকৰিম।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক