ছূৰা 6 · জুজ 7

Al-An'am · 6:62

ثُمَّ رُدُّوا إِلَى اللَّهِ مَوْلَاهُمُ الْحَقِّ ۚ أَلَا لَهُ الْحُكْمُ وَهُوَ أَسْرَعُ الْحَاسِبِينَ

তাৰ পিছত সিহঁতক প্ৰকৃত ৰব আল্লাহৰ ফালে প্ৰত্যাৱৰ্তিত কৰা হ’ব। জানি থোৱা, হুকুম কেৱল তেওঁৰেই আৰু তেওঁ আটাইতকৈ দ্ৰুত হিচাপ গ্ৰহণকাৰী।

তাফছীৰ

তাৰ পিছত সকলো প্ৰাণক আল্লাহৰ পিনেই প্ৰত্যাৱৰ্তন কৰোৱা হ'ব যিজন তেওঁলোকৰ সত্য মালিক, যাতে তেওঁ সিহঁতক সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব পাৰে। তেৱেঁই সিহঁতৰ মাজত চূড়ান্ত ফয়চালাকাৰী আৰু ন্যায় বিচাৰক। তেৱেঁই তোমালোকৰ আমলৰ দ্ৰুত হিচাপকাৰী আৰু গণনাকাৰী।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক