ছূৰা 6 · জুজ 7
Al-An'am · 6:61
وَهُوَ الْقَاهِرُ فَوْقَ عِبَادِهِ ۖ وَيُرْسِلُ عَلَيْكُمْ حَفَظَةً حَتَّىٰ إِذَا جَاءَ أَحَدَكُمُ الْمَوْتُ تَوَفَّتْهُ رُسُلُنَا وَهُمْ لَا يُفَرِّطُونَ
আৰু তেওঁ নিজ বান্দাসকলৰ ওপৰত পূৰ্ণ নিয়ন্ত্ৰণাধিকাৰী আৰু তেৱেঁই তোমালোকৰ ওপৰত হিফাযতকাৰী সকলক প্ৰেৰণ কৰে। অৱশেষত তোমালোকৰ কাৰোবাৰ যেতিয়া মৃত্যু উপস্থিত হয় তেতিয়া আমাৰ ৰাছুলসকলে (ফিৰিস্তাসকল) তাৰ মৃত্যু ঘটায় আৰু সিহঁতে কোনো ত্ৰুটি নকৰে।
তাফছীৰ
আল্লাহৰ প্ৰভূত্ব তেওঁৰ সকলো বান্দাৰ ওপৰত প্ৰতিষ্ঠিত। সকলোৱে তেওঁৰ নিয়ন্ত্ৰণাধীন। তেওঁ সকলো ফালৰ পৰা সৰ্বোচ্চ। সকলোৱে তেওঁৰ ওচৰত মস্তকৱনত। তেওঁ নিজৰ মৰ্যদানুসাৰে বান্দাসকলৰ ওপৰত আছে। হে মানৱ! তেওঁ তোমালোকৰ ওচৰত সন্মানিত ফিৰিস্তাসকলক প্ৰেৰণ কৰে, যিসকলে তোমালোকৰ কৰ্মৰ হিচাপ ৰাখে। (এইদৰে অব্যাহত থাকিব) অৱশেষত তোমালোকৰ নিৰ্ধাৰিত সময় শেষ হ'ব আৰু মালাকুল মউত আৰু তেওঁৰ সঙ্গীসকল আহি তোমালোকৰ প্ৰাণ হৰণ কৰিব। তেওঁলোকে নিজৰ কৰ্মত অকণো অৱহেলা নকৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক