ছূৰা 6 · জুজ 7
Al-An'am · 6:58
قُلْ لَوْ أَنَّ عِنْدِي مَا تَسْتَعْجِلُونَ بِهِ لَقُضِيَ الْأَمْرُ بَيْنِي وَبَيْنَكُمْ ۗ وَاللَّهُ أَعْلَمُ بِالظَّالِمِينَ
কোৱা, ‘তোমালোকে যিটো ততালিকে পাব বিচৰা সেইটো যদি মোৰ ওচৰত থাকিলেহেঁতেন, তেন্তে মোৰ আৰু তোমালোকৰ মাজত ফয়চালাই হৈ গ’লেহেঁতেন, আৰু আল্লাহে যালিমসকলৰ বিষয়ে অধিক অৱগত’।
তাফছীৰ
হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, তোমালোকে যি শাস্তিৰ দাবী কৰিছা, সেইটো যদি মোৰ অধীনত থাকিলেহেঁতেন, তেন্তে নিশ্চয় মই তোমালোকক বিহিলোহেঁতেন। লগতে তোমালোকৰ আৰু মোৰ মাজত চূ়ড়ান্ত ফয়চালা হৈ গলেহেঁতেন। কিন্তু আল্লাহ অত্যাচাৰী সকলৰ বিষয়ে অধিক অৱগত। সিহঁতক কিমান সময় অৱকাশ দিয়া উচিত আৰু কেতিয়া শাস্তি দিয়া উচিত।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক