ছূৰা 6 · জুজ 7

Al-An'am · 6:57

قُلْ إِنِّي عَلَىٰ بَيِّنَةٍ مِنْ رَبِّي وَكَذَّبْتُمْ بِهِ ۚ مَا عِنْدِي مَا تَسْتَعْجِلُونَ بِهِ ۚ إِنِ الْحُكْمُ إِلَّا لِلَّهِ ۖ يَقُصُّ الْحَقَّ ۖ وَهُوَ خَيْرُ الْفَاصِلِينَ

কোৱা, ‘নিশ্চয় মই মোৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত; অথচ তোমালোকে ইয়াক অস্বীকাৰ কৰিছা। তোমালোকে যিটো ততালিকে পাব বিচৰা সেয়া মোৰ ওচৰত নাই। হুকুম কেৱল আল্লাহৰ ওচৰতেই, তেওঁ সত্য বৰ্ণনা কৰে আৰু ফয়চালাকাৰী সকলৰ মাজত তেৱেঁই শ্ৰেষ্ঠ’।

তাফছীৰ

হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক যে, মই মোৰ প্ৰতিপালকৰ স্পষ্ট প্ৰমাণসমূহৰ ওপৰত প্ৰতিষ্ঠিত। মই প্ৰবৃত্তিৰ অনুসৰণ নকৰো। আৰু তোমালোকে এই প্ৰমাণক অৱজ্ঞা কৰিছা। যিবোৰ অলৌকিক নিদৰ্শন আৰু শাস্তি তোমালোকে বিচৰা, সেইবোৰ মোৰ অধীনত নহয়, বৰং সেইবোৰ আল্লাহৰ হাতত। সিদ্ধান্ত লোৱাৰ একমাত্ৰ অধিকাৰী আল্লাহ তাআলা। তেওঁ সত্য কথা কয় আৰু সেই অনুসাৰেই সিদ্ধান্ত লয়। তেওঁ সত্যবাদী তথা অসত্যবাদী সকলৰ মাজত যিদৰে পাৰ্থক্য কৰিছে, আন কোনেও কৰা নাই।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক