ছূৰা 6 · জুজ 7
Al-An'am · 6:59
۞ وَعِنْدَهُ مَفَاتِحُ الْغَيْبِ لَا يَعْلَمُهَا إِلَّا هُوَ ۚ وَيَعْلَمُ مَا فِي الْبَرِّ وَالْبَحْرِ ۚ وَمَا تَسْقُطُ مِنْ وَرَقَةٍ إِلَّا يَعْلَمُهَا وَلَا حَبَّةٍ فِي ظُلُمَاتِ الْأَرْضِ وَلَا رَطْبٍ وَلَا يَابِسٍ إِلَّا فِي كِتَابٍ مُبِينٍ
আৰু গায়েবৰ চাবি-কাঠি আছে তেওঁৰেই ওচৰত, তেওঁৰ বাহিৰে কোনেও সেয়া নাজানে। স্থল আৰু সাগৰৰ অন্ধকাৰসমূহত যি আছে সেয়া কেৱল তেৱেঁই অৱগত, তেওঁৰ অজানিতে গছৰ এটা পাতো নসৰে। মাটিৰ অন্ধাকাৰত এনে কোনো শস্যকণাও অংকুৰিত নহয় অথবা ৰসযুক্ত নাইবা শুকান এনে কোনো বস্তু নাই যিটো স্পষ্ট কিতাবত নাই।
তাফছীৰ
অদৃশ্যৰ ভাণ্ডাৰ কেৱল আল্লাহৰ ওচৰতেই। এই বিষয়ে তেওঁৰ বাহিৰে আন কোনেও নাজানে। স্থলত যিমান সৃষ্টি আছে যেনেঃ জীৱ-জন্তু, গছ-তৰুলতা, জড় পদাৰ্থ আদি, তেওঁ সেই সকলোবোৰ জানে। এইদৰে সাগৰৰ ভিতৰত যিবোৰ জীৱ-জন্তু আৰু তৃণলতা আছে, তেওঁ সেইবোৰো জানে। গছৰ এটা পাত সৰিলেও তেওঁ সেই বিষয়ে অৱগত। মাটিৰ ভিতৰত গোপন হৈ থকা এনেকুৱা কোনো দানা নাই অথবা ৰসযুক্ত নাইবা শুকান এনেকুৱা কোনো বস্তু নাই যিটো স্পষ্ট কিতাবত লিখা হোৱা নাই। সেই কিতাবটো হৈছে লওহে মাহফুজ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক