ছূৰা 6 · জুজ 7

Al-An'am · 6:46

قُلْ أَرَأَيْتُمْ إِنْ أَخَذَ اللَّهُ سَمْعَكُمْ وَأَبْصَارَكُمْ وَخَتَمَ عَلَىٰ قُلُوبِكُمْ مَنْ إِلَٰهٌ غَيْرُ اللَّهِ يَأْتِيكُمْ بِهِ ۗ انْظُرْ كَيْفَ نُصَرِّفُ الْآيَاتِ ثُمَّ هُمْ يَصْدِفُونَ

কোৱা, ‘তোমালোকে ভাৱি চোৱা নাইনে, আল্লাহে যদি তোমালোকৰ শ্ৰৱণশক্তি আৰু দৃষ্টিশক্তি হৰণ কৰি লয় আৰু তোমালোকৰ হৃদয়ত মোহৰ মাৰি দিয়ে তেন্তে আল্লাহৰ বাহিৰে তোমালোকৰ কোন ইলাহ আছে যিয়ে এইবোৰ উভতাই দিব’? চোৱা, কেনেকৈ আমি আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰো, ইয়াৰ পিছতো সিহঁতে মুখ ঘূৰাই লয়।

তাফছীৰ

হে ৰাছুল! এই মুশ্বৰিকসকলক কওঁকচোন, যদি আল্লাহে তোমালোকৰ শ্ৰৱণশক্তি হৰণ কৰি কলা কৰি দিয়ে, তোমালোকৰ দৃষ্টশক্তি কাঢ়ি লৈ অন্ধ বনাই দিয়ে, আৰু তোমালোকৰ অন্তৰত মোহৰ লগাই দিয়ে ফলত তোমালোকে একোৱেই বুজি নোপোৱা, তেন্তে কোন আছে এনেকুৱা সত্য উপাস্য যিয়ে তোমালোকক এইবোৰ ওভোতাই আনি দিব? হে ৰাছুল! গমি চাওঁকচোন, আমি কিদৰে সিহঁতক প্ৰমাণসমূহ স্পষ্টভাৱে বৰ্ণনা কৰি আছো। তাৰ পিছতো সিহঁত বিমুখ হৈ আছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক