ছূৰা 6 · জুজ 7

Al-An'am · 6:39

وَالَّذِينَ كَذَّبُوا بِآيَاتِنَا صُمٌّ وَبُكْمٌ فِي الظُّلُمَاتِ ۗ مَنْ يَشَإِ اللَّهُ يُضْلِلْهُ وَمَنْ يَشَأْ يَجْعَلْهُ عَلَىٰ صِرَاطٍ مُسْتَقِيمٍ

আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰে, সিহঁত কলা আৰু বোবা, অন্ধকাৰত আছে। আল্লাহে যাক ইচ্ছা বিপথগামী কৰে আৰু যাক ইচ্ছা তেওঁ সৰল পথত স্থাপন কৰে।

তাফছীৰ

যিসকলে আমাৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰিছে, সিহঁত হৈছে কলা ব্যক্তিৰ দৰে, যিসকলে শুনা নাপায়, লগতে বোবা ব্যক্তিৰ দৰে যিসকলে কথা ক'ব নোৱাৰে। লগতে সিহঁত অন্ধকাৰত পৰি আছে, সিহঁতে একোৱে দেখা নাপায়। এতেকে যি এনেকুৱা অৱস্থাত আছে সি হিদায়ত কেনেকৈ পাব? আল্লাহে যাক পথভ্ৰষ্ট কৰিব বিচাৰে তাক পথভ্ৰষ্ট কৰি দিয়ে। আৰু যাক হিদায়ত দিব বিচাৰে তাক পোন পথৰ হিদায়ত প্ৰদান কৰে, যি পথত কোনো বক্ৰতা নাই।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক