ছূৰা 6 · জুজ 7

Al-An'am · 6:38

وَمَا مِنْ دَابَّةٍ فِي الْأَرْضِ وَلَا طَائِرٍ يَطِيرُ بِجَنَاحَيْهِ إِلَّا أُمَمٌ أَمْثَالُكُمْ ۚ مَا فَرَّطْنَا فِي الْكِتَابِ مِنْ شَيْءٍ ۚ ثُمَّ إِلَىٰ رَبِّهِمْ يُحْشَرُونَ

আৰু পৃথিৱীত বিচৰণশীল প্ৰতিটো প্ৰাণী আৰু দুই ডেউকাৰে উৰা প্ৰতিটো চৰাই, তোমালোকৰ দৰেই একো একোটা উম্মত। এই কিতাবত (লাওহে মাহফুজত) আমি একো এৰি দিয়া নাই; তাৰ পিছত সিহঁতক সিহঁতৰ প্ৰতিপালকৰ পিনে একত্ৰিত কৰা হ’ব।

তাফছীৰ

হে আদম সন্তান! পৃথিৱীত চলা-ফুৰা কৰা সকলো জীৱ-জন্তু লগতে আকাশত উৰি-ফুৰা সকলো চৰাই-চিৰকটি তোমালোকৰ দৰেই একো একোটা সম্প্ৰদায়। সেইবোৰকো সৃষ্টি কৰা হৈছে আৰু জীৱিকা প্ৰদান কৰা হৈছে। লওহে মাহফুজত সকলো লিখা আছে আৰু এই সকলো বিষয়ে আল্লাহ সম্যক অৱগত। ইয়াৰ পিছত ক্বিয়ামতৰ দিনা সকলোকে হিচাপ-নিকাচৰ বাবে আল্লাহৰ ওচৰতেই একত্ৰিত কৰা হব। তেওঁ সকলোকে নিজ নিজ কৰ্মৰ প্ৰতিফল প্ৰদান কৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক