ছূৰা 6 · জুজ 7
Al-An'am · 6:40
قُلْ أَرَأَيْتَكُمْ إِنْ أَتَاكُمْ عَذَابُ اللَّهِ أَوْ أَتَتْكُمُ السَّاعَةُ أَغَيْرَ اللَّهِ تَدْعُونَ إِنْ كُنْتُمْ صَادِقِينَ
কোৱা, ‘তোমালোকে কি বিবেচনা কৰা, যদি তোমালোকৰ ওপৰত আল্লাহৰ শাস্তি আপতিত হয় অথবা তোমালোকৰ ওচৰত কিয়ামত উপস্থিত হয়, তেন্তে তোমালোকে আল্লাহৰ বাহিৰে আন কাৰোবাক মাতিবানে? যদি তোমালোকে সত্যবাদী হোৱা (তেন্তে কোৱা)।
তাফছীৰ
হে ৰাছুল! আপুনি এই মুশ্বৰিক বিলাকক কওকচোন যে, যদি তোমালোকৰ ওচৰত আল্লাহৰ ফালৰ পৰা শাস্তি আহে অথবা ক্বিয়ামত আহি পৰে, যিটো অৱশ্যাম্ভাৱী বুলি তোমালোকক প্ৰতিশ্ৰুতি দিয়া হৈছে, সেই সময়ত তোমালোকে আল্লাহৰ বাহিৰে আন কাৰোবাক আহ্বান কৰিবানে, যাতে সি তোমালোকক বিপদৰ পৰা ৰক্ষা কৰে? যদি তোমালোকৰ উপাস্য বিলাক সঁচাই উপকাৰ বা অপকাৰ কৰিবলৈ সক্ষম তেন্তে উত্তৰ দিয়াচোন।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক