ছূৰা 6 · জুজ 7
Al-An'am · 6:30
وَلَوْ تَرَىٰ إِذْ وُقِفُوا عَلَىٰ رَبِّهِمْ ۚ قَالَ أَلَيْسَ هَٰذَا بِالْحَقِّ ۚ قَالُوا بَلَىٰ وَرَبِّنَا ۚ قَالَ فَذُوقُوا الْعَذَابَ بِمَا كُنْتُمْ تَكْفُرُونَ
আৰু যদি তুমি দেখিলাহেঁতেন, যেতিয়া সিহঁতক সিহঁতৰ প্ৰতিপালকৰ সন্মুখত থিয় কৰোৱা হ’ব, তেওঁ ক’ব, ‘এইটো প্ৰকৃত সত্য নহয় জানো’? সিহঁতে ক’ব, ‘আমাৰ প্ৰতিপালকৰ শপত! নিশ্চয় এয়া সত্য’। তেওঁ ক’ব, ‘তেন্তে তোমালোকে যি কুফৰী কৰিছিলা তাৰ বাবে তোমালোকে এতিয়া শাস্তি ভোগ কৰা’।
তাফছীৰ
হে ৰাছুল! যদি আপুনি সেই সময়ৰ দৃশ্য দেখিলেহেঁতেন, যেতিয়া পুনৰুত্থানক অস্বীকাৰকাৰী বিলাকক আল্লাহৰ সন্মুখত থিয় কৰোৱা হ'ব, সিহঁতৰ দুৰাৱস্থা দেখি আপুনি হতভম্ব হলেহেঁতেন, যেতিয়া আল্লাহে সিহঁতক ক'বঃ কোৱাচোন এই পুনৰ্জীৱন সঁচা নহয়নে, ইয়াৰ মাজত কোনো সন্দেহ তথা সংশয় আছেনে? তেতিয়া সিহঁতে ক'বঃ সেই প্ৰতিপালকৰ শপত যিয়ে আমাক সৃষ্টি কৰিছে, এয়া সত্য, ইয়াৰ মাজত কোনো সন্দেহ নাই। তেতিয়া আল্লাহে সিহঁতক ক'বঃ তোমালোকে পৃথিৱীত এই দিনটোক অস্বীকাৰ কৰিছিলা আৰু মিছা বুলি কৈছিলা, এতেকে আজি শাস্তি ভোগ কৰা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক