ছূৰা 6 · জুজ 7
Al-An'am · 6:31
قَدْ خَسِرَ الَّذِينَ كَذَّبُوا بِلِقَاءِ اللَّهِ ۖ حَتَّىٰ إِذَا جَاءَتْهُمُ السَّاعَةُ بَغْتَةً قَالُوا يَا حَسْرَتَنَا عَلَىٰ مَا فَرَّطْنَا فِيهَا وَهُمْ يَحْمِلُونَ أَوْزَارَهُمْ عَلَىٰ ظُهُورِهِمْ ۚ أَلَا سَاءَ مَا يَزِرُونَ
যিসকলে আল্লাহৰ সাক্ষাৎ অস্বীকাৰ কৰিছে সিহঁতে নিশ্চয় ক্ষতিগ্ৰস্ত হৈছে, আনকি সিহঁতৰ ওচৰত যেতিয়া হঠাৎ কিয়ামত আহি উপস্থিত হ’ব তেতিয়া সিহঁতে ক’ব, ‘হায়! ইয়াক আমি কিমান যে অৱহেলা কৰিছিলো তাৰ বাবে এতিয়া আফচোচ’। আৰু সিহঁতে সিহঁতৰ পাপসমূহ নিজৰ পিঠিত বহন কৰিব। সাৱধান! সিহঁতে যি বহন কৰিব সেয়া অতি নিকৃষ্ট!
তাফছীৰ
নিশ্চয় সিহঁত ক্ষতিগ্ৰস্ত, যিসকলে পৰকালৰ জীৱনক অস্বীকাৰ কৰিছে, আৰু আল্লাহৰ সন্মুখত থিয় হোৱাটক অসম্ভৱ বুলি ভাবিছে। আনকি যেতিয়া ক্বিয়ামত হঠাতে সংঘটিত হ'ব তেতিয়া সিহঁতে অনুতপ্ত হৈ ক'বঃ হায় পৰিতাপ! আমি বৰ ডাঙৰ ভুল কৰিছো যে, আল্লাহৰ লগত কুফৰী কৰিছো আৰু কিয়ামতৰ বাবে প্ৰস্তুতি লোৱা নাছিলো। সিহঁতে নিজৰ পিঠিত পাপৰ বোজা উঠাব। সেইবোৰ যে কিমান নিকৃষ্ট গুনাহ যিবোৰ সিহঁতে বহন কৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক